Breaking News

মোৰ প্ৰিয় সাহিত্যিক | Mur Priyo sahityik

মোৰ প্ৰিয় সাহিত্যিক- ৰচনা



মোৰ প্ৰিয় সাহিত্যিক

আৰম্ভণিঃ
            সাহিত্যি সংগীত কলা বিহীনঃ
সাক্ষাত্ পশু পূচ্ছ বিষান্ন হীনঃ ।
সাহিত্য সংগীত কলা বিহীন লোক সাক্ষাত্ পশু সদৃশ। এটা জাতিৰ এইবোৰ দাপোনস্বৰূপ। সাহিত্য, সংগীত নৃত্যকলাৰ মাজেদি প্ৰকাশ পায় সুন্দৰতা। সত্যই ঈশ্বৰ। সাহিত্য সৃষ্টিৰ জৰিয়তে সত্যক প্ৰতিষ্ঠা কৰাই সাহিত্যিকৰ মহান ব্ৰত। সাহিত্যিকসকলে তেওঁলোকে সাহিত্যকৃতিৰ মাজেৰে সমাজত প্ৰচলিত অন্যায়-অবিচাৰ, অনীতি-দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ ধ্বনি তোলে, জীৱন আৰু জগতৰ সমস্যাসমূহ কলা সুন্দৰৰ ৰূপত আমাৰ আগত দাঙি ধৰি তাৰ সমাধানৰ ইংগীত দিয়ে। সুন্দৰৰ অপূৰ্ব সুন্দৰ এই সৃষ্টি ধৰ্মৰ গ্লানিৰে অপবিত্ৰ আৰু অসুন্দৰ হোৱাৰ সময়তে সুন্দৰতাক প্ৰকাশ কৰিবলৈ অসমত এজন ব্যক্তিৰ জন্ম হৈছিল যাৰ সাহিত্য কাননত সমগ্ৰ অসমবাসী একোপাহী পূৰ্ণবিকশিত ফুল হৈ জিলিকি থকাৰ সৌভাগ্য ঘটিছিল। সেইজনা সাহিত্যিক হল আমাৰ চিৰ নমস্য জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ যিজনা সাহিত্যিকক মই মোৰ মনৰ তুলাচনীত সাহিত্যিক হিচাপে নিৰ্ধাৰিত কৰি লিখিবলৈ ওলাইছোঁ।

চমু পৰিচয়, জন্মঃ অসমীয়া সাহিত্য জগতৰ আঁকৰমণি স্বৰূপ এইজনা মহাপুৰুষৰ জন্ম হয় ১৩৭১ শক, ইংৰাজী ১৪৪৯ খ্ৰীষ্টাব্দত নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত। তেওঁৰ মাকৰ নাম সত্যসন্ধ্যা আৰু পিতৃৰ নাম কুসুম্বৰ ভূঞা। সৰুতে মাক ঢুকুৱাত বুঢ়ীমাক খেৰসূতীয়ে তেওঁক ডাঙৰ দীঘল কৰে।

শ্ৰীমন্ত শংকৰদেৱ

শিক্ষা-দীক্ষাঃ শংকৰদেৱে শৈশৱ কালৰ ১১টা বছৰ আইতাকৰ আলাসৰ লাডু হৈ উমলি-জামলিয়েই কটাইছিল। প্ৰথমতে পঢ়া-শুনাত তেওঁৰ মতি-গতি নাছিল। বাৰ বছৰ বয়সতে পঢ়া-শুনা কৰিবলৈ বুঢ়ীমাকে গুৰু মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিছিল। শংকৰদেৱ বুদ্ধিমান ছাত্ৰ আছিল। ক-ফলা শিকিয়ে তেওঁ আকাৰ, ই-কাৰ নোহোৱা এটি সুন্দৰ কবিতা লিখিছিল। এয়া আছিল শংকৰদেৱক কাব্যিক প্ৰতিভাৰ সুন্দৰ নিদৰ্শন।

ৰচনাৱলীৰ চমু পৰিচয়ঃ শংকৰী যুগ হল অসমীয়া সাহিত্যৰ সোণালী যুগ। শংকৰদেৱৰ সাহিত্যিক জীৱনৰস্ফূৰণ ঘটে তেওঁ বৰদোৱাত থকা কালতে। অসমীয়া সাহিত্যৰ দীঘলীয়া বাটত এনে এটা দিশ নাই যত মহাপুৰুষজনাৰ অৱদানে পদক্ষেপ কৰা নাই। বহুমুখী প্ৰতিভাসম্পন্ন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গীত-নাট, অংকীয়া ভাওঁনা, পদপুথি, বালেমান কাব্য, ভাগৱতৰ অনুবাদ, কীৰ্তন, দশম, গুনামালা আদি গ্ৰন্থৰে অসমৰ জাতীয় সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তেওঁৰ ৰচনাৰাজি সমূহ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি-

(১)কাব্যঃ
(ক) হৰিশ্চন্দ্ৰ উপাখ্যন (খ) ৰুক্মিনী হৰণ, (গ) বলিচলন, (ঘ) অমৃত মন্থন, (ঙ) অজামিল উপাখ্যান (চ) কুৰুক্ষেত্ৰ।

(২) নাটঃ
(ক) পত্নী প্ৰসাদ, (খ) পাৰিজাত হৰণ, (গ) কালীয় দমন, (ঘ) কেলিগোপাল, (ঙ) ৰুক্মিণী হৰণ, (চ) ৰাম বিজয়।

(৩) গীতঃ
(ক) বৰগীত, (খ) ভটিমা, (গ) টোটয়, (ঘ) চপয়।

(৪) নাম-প্ৰসংগঃ
(ক) কীৰ্তন, (খ) গুণমালা।

(৫) অনুবাদমূলকঃ
(ক) ভাগৱত (১ম, ২য়, ৬য়, ৮ম, ১০ম, ১১শ আৰু ১২শ স্কন্ধ)

(খ) উত্তৰাখণ্ড ৰামায়ণঃ শংকৰদেৱৰ বৰগীত সংগীত জগতৰ এক অনুপম সৃষ্টি তেখেতে ১২কুৰি গীত ৰচিছিল বুলি কোৱা হয়। কিন্তু তেখেতৰ একুৰি চৈধ্যটা বৰগীতহে সম্প্ৰতি পোৱা যায়। ভটিমা বা প্ৰশস্তি গীতবোৰ লিখি তেখেতে সাহিত্যৰ ভঁৰাল চহকী কৰিছে। বৰগীতবোৰৰ দৰে অংকীয়া নাট বা ভাওনা মহাপুৰুষ়জনাৰ এক অভিনৱ সৃষ্টি। নাট অভিনয়ৰ মৌৰস গোটাই সমগ্ৰ অসমবাসীক সেই মৌৰ মিঠা সোৱাদ দিছিল। মহাপুৰুষজনাৰ কীৰ্তনঘোষা অসমৰ মৌচাক। অসমীয়াসকলে সেই মৌচাকৰ পৰা মৌ পান কৰি আছে। ভক্তপ্ৰদীপ, নিমি-নৱসিদ্ধ সংবাদ, অনাদি-পাতন আৰু ভক্তি ৰত্নাকৰ- এই চাৰিখন ভক্তিতত্বৰ গ্ৰন্থ মহাপুৰুষজনাৰ অৱদান। এনেদৰে শংকৰদেৱে অসমীয়া সাহিত্যক এখোপ আগুৱাই নি সাহিত্য মন্দিৰৰ বিমান সৌধ গঢ়ি তোলে।

ভাল লগাৰ কাৰণঃ শংকৰদেৱে তেখেতৰ ৰচনাৰাজি প্ৰস্তুত কৰিছিল ভাগৱত, পুৰাণ প্ৰমুখ্যে সংস্কৃত শাস্ত্ৰসমূহৰ ভিত্তিত। মহত্ সাহিত্যত থাকিবলগীয়া সকলোবোৰ গুণ তেখেতৰ সাহিত্যৰাজিত আছিল। শংকৰদেৱে অসমীয়া সমাজখনক আটক-ধুনীয়াকৈ সজাই পৰাই অসমীয়া ভাষা সাহিত্যৰ বৰঘৰ শুৱনি কৰি বৈষ্ণৱ ধৰ্মৰ মহিমাৰে অসমবাসীৰ ডিঙিত গৌৰৱৰ জয়মালা পিন্ধাই থৈ গল। সাংসাৰিক হৈও সংসাৰৰ প্ৰতি মোহ নথকা শংকৰদেৱৰ জীৱনাদৰ্শই মোক বাৰুকৈয়ে আকৰ্শিত কৰে। মহাপুৰুষজনাৰ অমূল্য লিখনিৰ মাজত পোৱা আদৰ্শ-তত্বগধুৰ দৰ্শনে কেৱল মোকেই নহয়, সমগ্ৰ অসমবাসীকে মধুৰ স্বাদৰ জুতি লবলৈ দিছে। সেয়েহে তেখেত মোৰ প্ৰিয় সাহিত্যিকৰূপে মোৰ হৃদয়ৰ মণিকোঠাত স্থান পাইছে।

সামৰণিঃ পৃথিৱীৰ ধৰ্মীয় ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে কোনো ধৰ্মগুৰুৱে ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈ শংকৰদেৱৰ দৰে নিজৰ জাতীয় ভাষা, সাহিত্য আৰু  সংস্কৃতিৰ সমৃদ্ধিৰ কাৰণে ইমান অহোপুৰুষাৰ্থ কৰা নাছিল। তেখেতে দৈনন্দিনক দিলে সদাচাৰ আৰু শৃংখলা, হৃদয়ত দিলে ভক্তি আৰু প্ৰেমৰ ৰস, শৰীৰত দিলে নৃত্যাৰ লাস্য, চিন্তাত দিলে ভগৱান প্ৰাপ্তিৰ বাবে অভূতপূৰ্ব ৰসময় পথৰ সন্ধান আৰু অসমীয়া জাতিক দিলে গোচেই জীৱন। সেইজনা শংকৰদেৱৰ প্ৰাণস্বৰূপ অসমীয়া সমাজৰ জয় হওক-। কবিৰ ভাষাত-
            তোমাৰ জীৱনী দেৱ
                        লিখে এনে সাধ্য কাৰ,
            গোটেই অসম জুৰি
                        বিস্তৃত জীৱনী যাৰ।
                                    (যতীন্দ্ৰনাথ দুৱৰা)

প্ৰাণজিত্ ভৰালী
অসমীয়াত সৰ্বোচ্চ নম্ব ২০১১
হাইস্কুল শিক্ষান্ত পৰীক্ষা

No comments